প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯.৫০ টকা আৰু ডিজেলৰ মূল্য ৭ টকাতকৈ অধিক হ্ৰাস পাব

কেন্দ্ৰই শনিবাৰে আম-আদমীৰ দৈনিক খাদ্য সামগ্ৰীৰ পৰিবহণ চাৰ্জ হ্ৰাস কৰি ইন্ধনৰ মূল্য হ্ৰাস কৰাৰ লগতে মুদ্ৰাস্ফীতি লাঘৱ    কৰাৰ বাবে পেট্ৰ’লৰ ওপৰত ৮ টকা আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক হ্ৰাস কৰে।

           ২০১৬ চনত আৰম্ভ কৰা নৰেন্দ্ৰ মোদী চৰকাৰৰ অন্যতম ফ্লেগশ্বিপ সমাজ কল্যাণমূলক আঁচনি উজ্জ্বলা কাৰ্যসূচীৰ অধীনত বিনামূলীয়াকৈ সংযোগ দিয়া গ্ৰাহকৰ বাবে এল পি জিৰ ক্ষেত্ৰত ২০০ টকাৰ ৰাজসাহায্যৰ কথাও ঘোষণা কৰে চৰকাৰে।

আবকাৰী শুল্ক কৰ্তনৰ ফলত চলিত বিত্তীয় বৰ্ষত কেন্দ্ৰই কৰ ৰাজহ ১ লাখ কোটি টকা ত্যাগ কৰিব। উজ্জ্বলা গ্ৰাহকৰ বাবে এই ৰাজসাহায্যৰ বাবে ৬১০০ কোটি টকা ব্যয় হ’ব বুলি সিদ্ধান্তসমূহ ঘোষণা কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয়।
        
           ছমাহতকৈ অলপ বেছি সময়ৰ ভিতৰত কেন্দ্ৰই এইটো দ্বিতীয়বাৰৰ বাবে শুল্ক কৰ্তন কৰাৰ লগতে ৰাজ্যসমূহত প্ৰচলিত ভেটৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৯.৫০ টকা আৰু ডিজেলৰ মূল্য ৭ টকাতকৈ অধিক হ্ৰাস পাব।।


No comments